মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড

আমাৰ আলহী (জীৱিকা আচঁনি)

অসম চৰকাৰৰ পৰ্যটন বিভাগে অসমৰ গাওঁ অঞ্চলসমূহত পৰ্যটনৰ উন্নয়নৰ বাবে আৰু সেই অঞ্চলসমূহৰ উঠি অহা যুৱ প্ৰজন্মক জীৱিকাৰ ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্য আগত ৰাখি পৰ্যটকসকলৰ বাবে “আমাৰ আলহী”-নামেৰে এক গ্ৰাম্য আচঁনিৰ আয়োজন কৰিছে। এই আচঁনিৰ অধীনত অসম পৰ্যটন উন্নয়ন নিগমে ২ প্ৰকাৰৰ আবেদন পত্ৰৰ আহ্বান কৰিছে-১) নতুন বাসস্থান (আৰ্থিক সহায়তা প্ৰাপ্ত প্ৰকল্প), ২) বৰ্তমান স্থিত বাসস্থান।ইউনিট/স্বত্বভোগীৰ নিৰ্বাচন আৰু মানদণ্ড নিৰূপন প্ৰক্ৰিয়া: ঘৰ আৰু তাৰ আশে-পাশে থকা পৰিবেশৰ মানদণ্ড নিৰূপন, তদুপৰি ঘৰসমূহৰ অৱস্থানক এক গুৰুত্বপূৰ্ন মানদণ্ড নিৰ্ণায়ক হিচাপে গণ্য কৰা হয়।ঘৰবোৰ অকল গাওঁ এলেকা/চহৰৰ বাহিৰৰ ঠাইত থাকিলেই নহব, ঘৰটোৰ পৰা ওচৰৰ পৰ্যটন ক্ষেত্ৰৰ দুৰত্ব কিমান সেইটোও গুৰুত্বপূৰ্ণ। বা এনেকুৱা ঠাইত হ’ব লাগিব, য’ৰ পৰা গুৰুত্বপূৰ্ণ কোনো মেলা, উৎসৱ উদযাপনৰ অৱস্থান বেছি দূৰ নহয়।